এগৰাকী নেপথ্য কণ্ঠশিল্পী ৰবীন্দ্ৰ জৈনৰ বিষয়ে জানো আহক-

ভাৰতৰ অন্যতম বিখ্যাত সংগীতজ্ঞ তথা কন্ঠশিল্পী ৰবীন্দ্ৰ জৈন

প্ৰায় চাৰি দশকৰো অধিক সময়ৰ পৰা সংগীত জগতত খলকনি সৃষ্টি কৰিছিল এইগৰাকী ভাৰতৰ অন্যতম বিখ্যাত সংগীতজ্ঞ তথা কন্ঠশিল্পী ৰবীন্দ্ৰ জৈনে। বৈ যোৱা ক’লা চুলিৰ সৈতে ডাঠ আৰু প্ৰায়ে ৰেপাৰআউট ছানগ্লাছ পিন্ধা এক বিশেষ ব্যক্তিতৰ গৰাকী সংগীতজ্ঞ ৰবীন্দ্ৰ জৈনে। চলচ্চিত্ৰৰ বাবে সুৰ দিয়াৰ উপৰিও তেওঁ এজন সংগীত পৰিচালক আৰু বেৰিটন ৰেকৰ্ডিং শিল্পী আছিল যিয়ে কনচাৰ্ট আৰু টেলিভিছনৰ সংগীত অনুষ্ঠানত পৰিবেশন কৰিছিল।

 

তেওঁৰ কন্ঠত যেন শ্বয়ং মা সৰস্বতীয়ে বিৰাজ কৰিছিল । মা সৰস্বতীৰ গীত-সংগীতৰ তিনিটা বিধিৰে -গীতৰ ৰচনা কৰা, সংগীত সৃষ্টি কৰা আৰু নিজৰ সুৰীয়া কন্ঠৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ। ১৯৮৪ চনৰ ২৮ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ আলিগড়ত জন্মলাভ কৰা বিখ্যাত ৰবীন্দ্ৰ জৈন,পণ্ডিত ইন্দ্ৰমণি জৈন আৰু কিৰণ জৈনৰ সাতজন ভাতৃ আৰু এগৰাকী ভগ্নীৰ ভিতৰত তেওঁ তৃতীয় সন্তান  আছিল । ৰবীন্দ্ৰ জৈন জন্মৰে পৰাই দৃষ্টিহীন আছিল। তেওঁৰ পিতৃ এজন সংস্কৃত পণ্ডিত আছিল আৰু তেওঁৰ মাতৃ আছিল এগৰাকী গৃহকৰ্মী। তেওঁৰ পিতৃয়ে তেওঁৰ প্ৰতিভা দেখি তেওঁক জি.এল. জৈন, জনাৰ্দন শৰ্মা আৰু নাথু ৰামৰ দৰে প্ৰবীণসকলৰ কাষলৈ সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।অতি কম বয়সতে সংগীতৰ প্ৰতি আকৰ্ষিত হৈ মন্দিৰতো ভক্তিমূলক গীত গাবলৈ আৰম্ভ কৰিছিল।

 

তেওঁৰ জনপ্ৰিয় ছবিসমূহ হৈছে- ‘চোৰ মাচায়ে শোৰ’ (১৯৭৪), ‘গীত গাতা চল’ (১৯৭৫), ‘চিচোৰ’ (১৯৭৬) আৰু ‘আঁখিওঁ কে ঝাড়খঁ সে’ (১৯৭৮), ‘ৰাম তেৰী গংগা মৈলী’ আৰু বহুতো । তেওঁ ৰামানন্দ সাগৰৰ ৰামায়ণ (১৯৮৭) -ৰ লগতে হিন্দু মহাকাব্য ভিত্তিক বহুতো চলচ্চিত্ৰ আৰু টিভি শ্ব’ৰ বাবে সংগীত ৰচনা কৰিছিল। লগতে তেওঁ বঙালী আৰু মালয়ালমৰ লগতে বিভিন্ন ভাৰতীয় ভাষাত বহুতো ধৰ্মীয় এলবাম ৰচনা কৰিছিল। কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০১৫ চনৰ গণৰাজ্য দিৱসত তেওঁক ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল৷

 

দৃষ্টিহীনতাক হেঙাৰ হ’বলৈ নিদি গায়ক আৰু সুৰকাৰ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰবীন্দ্ৰ জৈনৰ মুম্বাইত ৭১ বছৰত একাধিক অংগ বিকলৰ ফলত ২০১৩ চনৰ ৯ অক্টোবৰত ইহলীলা সম্বৰণ কৰে।তেওঁৰ বহুমুখী সংগীত আৰু সংগ্ৰামী প্ৰতিভাৰ গৰাকীক আজি তেওঁৰ ওপজাদিনত সশ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.