৮০ জন ভাৰতীয় মাছমৰীয়াক মুকলি পাকিস্তানৰ!

অমৃতসৰৰ আটৰী-ৱাগাহ সীমান্তত ভাৰতীয় সেনাৰ বিষয়াসকলে আদৰণি জনায় মাছমৰীয়াসকলক

ইণ্টাৰনেচনেল ডেস্ক:

শুকুৰবাৰে ৮০ জন ভাৰতীয় মাছমৰীয়াক মুকলি পাকিস্তানৰ। ধুমুহাৰ সময়ত ভুলবশতঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি গ্ৰেপ্তাৰ হোৱা ৮০ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে পাকিস্তানে। পঞ্জাবৰ অমৃতসৰৰ আটৰী-ৱাগাহ সীমান্তত ভাৰতীয় সেনাৰ বিষয়াসকলে আদৰণি জনায় মাছমৰীয়াসকলক। জানিব পৰা মতে, তিনি বছৰ তিনি মাহ ধৰি পাকিস্তানৰ জেলত আৱদ্ধ হৈ আছিল ভাৰতীয় মাছমৰীয়াকেইজন।পাকিস্তানৰ কাৰাগাৰৰ পৰা আন ১৮৪ জন মাছমৰীয়াক মুকলি কৰি আনিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনায় মাছমৰীয়াসকলে। লগতে তেওঁলোকৰ অতি দামী আৰু জীৱিকাৰ উৎস নাওবোৰ ঘূৰাই অনাৰ বাবেও চৰকাৰক অনুৰোধ জনায়। উল্লেখ্য যে, পাকিস্তানে মুকলি কৰা ৮০ জন মাছমৰীয়াৰ ভিতৰত ৭৭ জন গুজৰাটৰ।

উল্লেখ্য যে, কৰাচীস্থিত ইধি ফাউণ্ডেচন নামৰ এন জি অ’ই ভাৰতীয় মাছমৰীয়াসকলৰ কৰাচীৰ পৰা লাহোৰলৈ ৰে’ল যাত্ৰাৰ ব্যৱস্থা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.