আজি ২৭ ফেব্ৰুৱাৰী

➡️১৯০২ প্ৰসিদ্ধ মাৰ্কিন ঔপন্য়াসিক জন ষ্টেইনবেকৰ (John Steinbeck)জন্ম। ১৯৬২ চনত তেওঁ লাভ কৰে সাহিত্য়ৰ নোবেল বঁটা। ‘দা গ্ৰেপছ অব্ ৰেথ’ ষ্টেইনবেকৰ এখন বিখ্য়াত উপন্য়াস।
➡️১৯৩১ এলাহাবাদত ব্ৰিটিছৰ লগত হোৱা সংঘৰ্ষত পিষ্টলেৰে চন্দ্ৰশেখৰ আজাদৰ আত্মহত্য়া।
➡️১৯৮৩ হিতেশ্বৰ শইকীয়াৰ অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। তেওঁ ১৯৮৫ চনৰ ২৩ ডিচেম্বৰলৈ মুখ্য় মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০০ আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত মন্ত্ৰী নগেন শৰ্মাসহ ৫জন লোকৰ মৃত্য়ু।
➡️২০০২ গুজৰাটৰ গোধৰাত সবৰমতী এক্সপ্ৰেছ ৰে’লত দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰি ৬০ জন যাত্ৰীক হত্য়া।
➡️২০০৫ এমনেষ্টি ইন্টাৰনেচনেলৰ পিতৃস্বৰূপ তথা ব্ৰিটিছ আইনজ্ঞ পিটাৰ বেনছৰ মৃত্য়ু।
➡️১৯২৬ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা ব্ৰজেন বৰুৱাৰ জন্ম।
➡️২০০৬ ‘Assam’-ক ‘Asom’ নামকৰণৰ সিদ্ধান্ত ৰাজ্য় চৰকাৰৰ। ৰাজ্য়জুৰি তুমুল প্ৰতিক্ৰিয়া।

You might also like
Leave A Reply

Your email address will not be published.