আজি ২৮ ডিচেম্বৰ

▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,জাতিসংঘৰ অন্যতম প্ৰতিষ্ঠাতা উদ্ৰ উইলছনৰ মৃত্যু হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। এলেন অক্টোভিয়ান হিউম আছিল প্ৰতিষ্ঠাপক আৰু প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী।
▶️১৮৯৫ চনৰ এই দিনটোতেই ফৰাচী ভাতৃদ্বয় আগষ্ট লুমিয়েৰ আৰু লুই লুমিয়েৰৰ আধুনিক চিনেমা বা চলচ্চিত্ৰ প্ৰদৰ্শনৰ যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ আৱিষ্কাৰ আৰু পেটেণ্ট লাভ। লুমিয়েৰ ভাতৃদ্বয়কে আধুনিক চিনেমাৰ উদ্ভাৱক আখ্যা দিয়া হয়।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব ৱেলছৰ (পাছলৈ ৰজা সপ্তম এডৱাৰ্ড) দ্বাৰা কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ উদ্বোধন।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ শিল্পপতি ধীৰুভাই আম্বানীৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই বিমলা প্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৭০ চনৰ ৬ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত হিন্দী কবি সুমিত্ৰানন্দন পন্থৰ মৃত্যু হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই কংগ্ৰেছ নেতা কে কৰুণাকৰণৰ নেতৃত্বত কেৰেলাত নতুন চৰকাৰ গঠন।
▶️১৯৮৪ চনৰ এই দিনটোতেই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপুল ভোটত জয়লাভ।
▶️১৯৯৮ চনৰ এই দিনটোতেই ‘আশীৰ্বাদৰ ৰং’ উপন্যাসৰ বাবে যশস্বী ঔপন্যাসিক তথা নাট্যকাৰ অৰুণ শৰ্মালৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.