ইণ্টাৰনেচনেল ডেস্ক:
প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ। ভূমিকম্পটো অনুভূত হয় আজি পুৱা ৮.৫৯ বজাত। ভূমিকম্পটো সংঘটিত হয় ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যত। ভূমিকম্পৰ কেন্দ্ৰস্থল কুৱালালামপুৰৰ পৰা ৫৬৬ কিলোমিটাৰ পশ্চিমে আৰু ১০ কিলোমিটাৰ গভীৰতাত । ভূমিকম্পত কোনো লোক হতাহত বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।।