মহাকাশ গৱেষণা নতুন সাফল্য

ঘোষিত হ’ল ভাৰতৰ প্ৰথম মহাকাশচাৰীৰ নাম

হাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সোণালী ইতিহাসত আজি সন্নিৱিষ্ট হ’ল এক নতুন অধ্যায়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান ‘গগণযান’ক নেতৃত্ব দিয়া ৪ মহাকাশচাৰীৰ নাম ঘোষণা কৰে। মহাকাশলৈ যাবলৈ সাঁজু হোৱা এই ৪ মহাকাশচাৰী হ’ল- গ্ৰুপ কেপ্টেইন পি বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, আৰু উইং কামাণ্ডাৰ শুভাংশু শুক্লা। ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰূপে এই ৪ মহাকাশচাৰীৰ নাম ইতিহাসৰ পৃষ্ঠাত চিৰকালৰ বাবে খোদিত হৈ থাকিব।

‘গগণযান’ ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ অভিযান যাৰ বাবে বিভিন্ন ইছৰো কেন্দ্ৰত ব্যাপক প্ৰস্তুতি চলি আছে। গগনযান প্ৰকল্পই তিনিদিনীয়া অভিযানৰ বাবে ৪০০ কিলোমিটাৰ কক্ষপথত মহাকাশচাৰীসকলক নিক্ষেপ কৰি ভাৰত সাগৰৰ জলসীমাত অৱতৰণ কৰি নিৰাপদে পৃথিৱীলৈ উভতাই অনাৰ পৰিকল্পনা কৰিছে। ইছৰোৱে ইতিমধ্যে প্ৰথম মানৱবিহীন ‘গগণযান’ (জি১) অভিযানৰ বাবে চিনাক্ত কৰা উৰণ ইঞ্জিনৰ গ্ৰহণযোগ্যতা পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে।

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল কোমল অৱতৰণ আৰু ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণেৰে ২০২৩ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইতিমধ্যে বিশ্বৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত উচ্চ স্থান দখল কৰিছে।

ভাৰতে লক্ষ্য কৰি লোৱা আন আন অভিযান সমূহ হ’ল ২০২৪-২০২৫ চনৰ বাবে ‘গগণযান মিছন’, ২০৩৫ চনৰ ভিতৰত ‘ভাৰতীয় অন্তৰীক্ষা ষ্টেচন’ স্থাপন কৰা, আৰু ২০৪০ চনৰ ভিতৰত প্ৰথম ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰা।

উল্লেখ্যনীয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কেৰালাত তিনিটাকৈ গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত পিএছএলভি সংহতি সুবিধা (পিআইএফ), মহেন্দ্ৰগিৰিৰ ইছৰো প্ৰপালচন কমপ্লেক্সত নতুন ‘ছেমি-ক্ৰাইজেনিকছ ইন্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটি’ আৰু তিৰুৱনন্তপুৰমৰ ভিএছএছচিত ‘ট্ৰাইছ’নিক উইণ্ড টানেল’। প্ৰায় ১৮০০ কোটি টকাৰ সঞ্চিত ব্যয়ৰে এই প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.