সাৱধান! ডিজাইনাৰ কাপোৰে আনিব পাৰে কাল!

ডিজাইনাৰ পোছাক পিন্ধি ৰাইজৰ ৰোষত পৰিল মহিলা

কাপোৰৰ ডিজাইন পছন্দ কৰাৰ আগতে এতিয়া দুবাৰকৈ ভাৱক। আপোনাৰ পচণ্ডৰ ব্যতিক্ৰমী ডিজাইনৰ কাপোৰৰ বাবেই হয়তো ৰাইজৰ ৰোষৰ বলি হ’ব পাৰে আপুনি। আচৰিত যেন লাগিলেও এনে ঘটনা ইতিমধ্যেই সংঘটিত হৈছে। আৰবী ভাষাৰ দৰে প্ৰিণ্ট থকা কুৰ্তা পিন্ধা বাবেই ৰাইজৰ ৰোষৰ বলি হ’ল এগৰাকী মহিলা।
নিজৰ পছন্দৰ ডিজাইনৰ কাপোৰ পিন্ধি স্বামীৰ সৈতে বজাৰলৈ ওলাই গৈছিল মহিলাগৰাকী। বজাৰ-সমাৰ কৰি উঠি স্বামীৰ সৈতে ৰেষ্টুৰেণ্টত খাবলৈ সোমাইছিল মহিলাগৰাকী। কিন্তু সেই সময়তে ৰেষ্টুৰেন্টখনত সংঘটিত হয় এক অনাকাংশিত ঘটনা। মহিলাগৰাকীয়ে পৰিধান কৰি থকা কাপোৰে ঈশ্বৰক নিন্দা কৰাৰ অভিযোগ তুলি একাংশ লোকে ঘেৰাও কৰে ৰেষ্টুৰেন্টখন। মহিলাগৰাকীয়ে পৰিধান কৰা কুৰ্তাটোত কোৰাণৰ আয়াত লিখা থকা বুলি অভিযোগ তোলে লোকসকলে। পাকিস্তানৰ লাহোৰৰ এখন ৰেষ্টুৰেন্টত সংঘটিত হৈছে এই ঘটনা।
উত্তেজিত লোকসকলে মহিলাগৰাকীক সেই মুহুৰ্ততে তেওঁ পিন্ধি থকা কুৰ্তাটো খুলিবলৈ জোৰ দিয়ে। প্ৰশংসনীয়ভাৱে পাকিস্তান আৰক্ষীয়ে অনতিপলমে ঘটনাস্থলীত উপস্থিত হয় মহিলাগৰাকীক উদ্ধাৰ কৰে।
পৰৱৰ্তীসময়ত আৰক্ষীচকীলৈ নিয়াৰ পাছত মহিলাগৰাকীয়ে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে ৰাইজক ক্ষমা বিচাৰে। লগতে মহিলাগৰাকীয়ে কয় যে, তেওঁৰ ধৰ্মীয় আৱেগক অপমান কৰাৰ কোনো উদ্দেশ্য নাছিল। কেৱল ডিজাইনটো ভাল লগাৰ বাবেই তেওঁ কুৰ্তাটো পৰিধান কৰিছিল

You might also like
Leave A Reply

Your email address will not be published.