আজি ২৮ ফেব্ৰুৱাৰী

➡️ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

➡️১৯০১ দুবাৰকৈ নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ জন্ম। তেওঁ ১৯৫৪ আৰু ১৯৬২ চনত ক্ৰমে ৰসায়ন বিজ্ঞান আৰু শান্তিৰ বাবে নোবেল বঁটা লাভ কৰে।
➡️১৯২৮ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ প্ৰসিদ্ধ ‘ৰমণ পৰিঘটনা’ আৱিষ্কাৰ।
➡️১৯৩৬ জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ মৃত্য়ু।
➡️১৯৬৩ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্য়ু।
➡️১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৯৪ কপিলদেৱৰ দ্বাৰা ৰিচাৰ্ড হেডলীৰ ৪৩১ টা টেষ্ট উইকেটৰ বিশ্ব ৰেকৰ্ড ভংগ। ক্ৰিকেটৰ পৰা কপিলদেৱৰ অৱসৰ।
➡️২০০৫ ৭৭ তম অস্কাৰ বঁটা ঘোষণা। ‘মিলিয়ন ডলাৰ বেবী’লৈ চাৰিটা অস্কাৰ।
➡️শনিৰ তিনিটা নতুন উপগ্ৰহ আৱিষ্কাৰ।

You might also like
Leave A Reply

Your email address will not be published.