১৮৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ উল্লেখযোগ্য সংবাদ-পত্ৰ ‘দা হিন্দু’ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ হৈছিল। প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি।
১৯৩৪ চনৰ ২০ ছেপ্টেম্বৰত ইটালীৰ মোহময়ী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম হৈছিল ।
গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে পুলিচৰ গুলীত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু হৈছিল ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত।
১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত কন্ঠশিল্পী, সুৰকাৰ জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
১৯৪২ চনৰ আজিৰ দিনটোতেই ‘৪২ৰ আন্দোলনত পুলিচৰ গুলীত ভোগেশ্বৰী ফুকননীৰ মৃত্যু হৈছিল ।
২০০২ চনৰ ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিশু সাহিত্যিক শৰৎ চন্দ্ৰ দত্তৰ মৃত্যু হৈছিল।
আলফা-চৰকাৰৰ মাজত বহু প্ৰতীক্ষিত আলোচনা প্ৰসংগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গুৱাহাটীত দুদিনীয়া জাতীয় অভিৱৰ্তন হৈছিল ২০০৪ চনৰ ২০ ছেপ্টেম্বৰত।
২০০৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ সমাজ সংস্কাৰক স্বামী অগ্নিবেশ আৰু বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী আছগৰ আলী ইঞ্জিনিয়াৰলৈ ‘ৰাইট লাইভলীহুড’ বঁটা প্ৰদান কৰা হৈছিল ।
সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু সাংবাদিক সতীশ চন্দ্ৰ কাকতিলৈ ২০০৪-০৫ বৰ্ষৰ ছহিদ কনকলতা আৰু মুকুন্দ কাকতি বঁটা ঘোষণা কৰা হৈছিল ২০০৪ চনৰ ২০ ছেপ্টেম্বৰত।
১৮৫৭ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ব্ৰিটিছ সৈন্যই দিল্লী পুনৰ দখল কৰিছিল।
২০০২ চনৰ আজিৰ দিনটোতেই দীপালী বৰঠাকুৰ আৰু হেম ভৰালীক শ্বহীদ মুকুন্দ কাকতি বঁটা প্ৰদান কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২০ ছেপ্টেম্বৰ
Prev Post
Next Post
You might also like