নিউজ ডেস্ক:
ইছৰোৰ আন এক বৃহৎ সফলতা। আদিত্য L-1ৰ বৈজ্ঞানিক তথ্য সংগ্ৰহৰ কাম আৰম্ভ। ইছৰোৰ তথ্য মতে STEPS যন্ত্ৰৰ চেন্সৰসমূহে পৃথিৱীৰ পৰা ৫০,০০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত অতি উত্তপ্ত, শক্তিশালী আয়ন আৰু ইলেক্ট্ৰন জুখিবলৈ আৰম্ভ কৰিছে। এই তথ্যই বিজ্ঞানীসকলক পৃথিৱীক আগুৰি থকা কণিকাৰ আচৰণ বিশ্লেষণ কৰাত সহায় কৰা বুলি ইছৰোয়ে X (টুইটাৰ) যোগে প্ৰকাশ কৰে। ইছৰোই মুকলি কৰা চিত্ৰখনত শক্তিশালী কণিকাৰ পৰিৱেশৰ তাৰতম্য প্ৰদৰ্শন কৰা দেখা হৈছে।।