শুকুৰবাৰে পুৱা ৩:৩৯ বজাত প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল আৰ্জেণ্টিনা। ৰিখটাৰ স্কেল ৬.৫ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো।আৰ্জেণ্টিনাৰ কাৰ্ডোবাৰ পৰা ৫১৭ কিলোমিটাৰ উত্তৰত তথা ছান্টিয়াগো ডেল এষ্টেৰো প্ৰদেশৰ মণ্টে কুৱেমাডোৰ পৰা ১০৪ কিলোমিটাৰ দূৰত্বত
অনুভূত হয় ভূমিকম্পটো ।ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ কেন্দ্ৰ ৬০০ কিলোমিটাৰ গভীৰতাত । এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।।
