কাশ্মীৰৰ আফাৰৱাট শিখৰত ভয়ংকৰ হিমস্খলন!

উত্তৰ কাশ্মীৰৰ বিখ্যাত স্কি ৰিজ’ৰ্ট গুলমাৰ্গৰ আফাৰৱাট শিখৰত ভয়ংকৰ হিমস্খলন। হিমস্খলনৰ ফলত দুজন পোলেণ্ডৰ স্কিয়ৰ নিহত। নিহত বিদেশী দুজন ক্ৰীছল্টফ আৰু এডাম গ্জেচ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহ দুটা চিকিৎসা তথা আইনী আনুষ্ঠানিকতাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আনহাতে, হিমস্খলনত ৰাছিয়া আৰু পোলেণ্ডৰ লগতে আন ১৯ জন বিদেশী আৰু দুজন স্থানীয় গাইডক উদ্ধাৰ।

উল্লেখ্য যে, কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ড তুষাৰপাতৰ ফলত হিমস্খলন সম্ভাৱনা বৃদ্ধি পোৱাৰ বাবে ১ ফেব্ৰুৱাৰীলৈকে এই অঞ্চলসমূহত দু:সাহসিক ক্ৰিড়া নকৰিবলৈ পৰামৰ্শ দিছিল।।

You might also like
Leave A Reply

Your email address will not be published.