১২ ফেব্ৰুৱাৰী!ইতিহাস লুটিয়াই চাও আহক

আজি ১২ ফেব্ৰুৱাৰী।বছৰৰ দ্বিতীয়টো মাহৰ ১২ নম্বৰ দিন

জি ১২ ফেব্ৰুৱাৰী।বছৰৰ দ্বিতীয়টো মাহৰ ১২ নম্বৰ দিন।বিশ্বৰ ইতিহাসত আজি দিনটো এটা বিশেষ দিন ৰূপে গণ্য কৰা হয় ।আজিৰ এই দিনটোত দেশৰ বহু এনেকুৱা ঘটনা সংঘটিত হৈছিল য’ত আপুনি শুনি হয়টো আচৰিত হব ।
১২ ফেব্ৰুৱাৰীৰ দিনটো ভাৰতৰ ইতিহাসত আৰু বিশ্বত বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। আচলতে ভাৰতৰ ইতিহাসত প্ৰতিটো দিনেই অতি গুৰুত্বপূৰ্ন ভূমিকা গ্ৰহণ কৰে। ইতিহাসত যদি আমি উভতি চাওঁ তেন্তে প্ৰতিদিনে কোনোবা নহয় কোনোবা বিশেষ পৰিঘটনা পাওঁ । তেন্তে আহক আমি আকৌ এবাৰ বুৰঞ্জীৰ পাত লুটিয়াই চাও।

১২ ফেব্ৰুৱাৰী ১৯৪৮ চন : জাতিৰ পিতা মহাত্মা গান্ধীৰ অস্থি বিসৰ্জন
দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৩০ জানুৱাৰী ১৯৪৮ চনত হত্যা কৰা হৈছিল। তেওঁৰ মৃত্যুৰ ১৩ দিনৰ পিছত ১২ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ এই দিনটোত দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন পবিত্ৰ সৰোবৰত তেঁওৰ অস্থি বিসৰ্জন দিছিল। তাৰে এটা ভাগ এলাহাবাদৰ গঙ্গা নদীত প্ৰবাহিত কৰা হৈছিল। সেই মূহুৰ্তত ১০ লাখৰো অধিক লোকে সবৰমতীৰ আশ্ৰমৰ এই সাধুজনৰ অন্তিমটো বিদাই ক্ষণত উপস্থিত আছিল।

১২ ফেব্ৰুৱাৰী ১৯৭৫ চন: ভাৰতে নিজকে বসন্ত ৰোগ (সৰু আইৰ) পৰা মুক্ত বুলি ঘোষণা
ভাৰতবৰ্ষই বসন্ত ৰোগ (সৰু আই) দৰে ৰোগ প্ৰতিৰোধৰ কৰিবলৈ সক্ষম হৈছিল। আজিৰ এই দিনটোতেই ভাৰতবৰ্ষই সৰু আইৰ দৰে ৰোগৰ পৰা যুক্ত বুলি ঘোষণা কৰিছিল।
বসন্ত ৰোগ এবিধ সংক্ৰামক ৰোগ, যাৰ প্ৰধান কাৰণ হৈছে ভেৰিচেলা জোষ্টাৰ নামৰ ভাইৰাছ। আক্ৰান্ত ব্যক্তিৰ ফোঁহাৰ পৰা বায়ু, থু, শ্লেষ্মা বা তৰল পদাৰ্থৰ জৰিয়তে ই এজনৰ পৰা আন এজনলৈ সহজে বিয়পিব পাৰে। এই ৰোগ ইমানেই ভয়াৱহ আছিল যে যাৰ ফলত পৃথিৱীৰ সকলো যুদ্ধ মিলিত হোৱাতকৈ অধিক লোকৰ মৃত্যু হৈছিল। জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখি ভাৰতে ৰোগ নিৰ্মূল কৰি বিশ্ববাসীক এক মহান উপহাৰ দিছিল।

১২ ফেব্ৰুৱাৰী ১৯২০ : বলিউডৰ প্ৰখ্যাত অভিনেতা প্ৰাণৰ জন্মদিন
বলিউডৰ প্ৰাণ এগৰাকী সৰ্বশ্ৰেষ্ঠ অভিনেতা ৰূপে পৰিচিত আছিল। তেওঁ ৫০ পৰা ৭০ দশকৰ মাজত নিজৰ ছবিৰে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ জন্ম ১২ ফেব্ৰুৱাৰী ১৯২০ চনত পুৰণি দিল্লীৰ বলীমৰান এলেকাৰ সুখ্যাত পৰিয়ালত হৈছিল। তেওঁৰ অভুতপূৰ্ব অভিনয়ৰে সকলো চৰিত্ৰতে প্ৰাণ ঢালি দিছিল।হিন্দী চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰাণক ২০০১ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল আৰু ২০১৩ চনত তেওঁক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা “দাদা চাহেব ফাল্কে” ৰে সন্মানিত কৰা হয়।১২ জানুৱাৰী ২০১৩চনত তেখেতে ইহলীলা সম্বৰণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.