২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

মুঠ ৪৯ লোকসভা সমষ্টিৰ বাবে হ'ব নিৰ্বাচন

মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ৫ম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ২০মে’ত । দেশৰ ৬খন ৰাজ্য আৰু ২খন কেন্দ্রীয়শাসিত অঞ্চলত হ’ব এই ভোটগ্ৰহণ । ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা মুঠ সংসদীয় সমষ্টিৰ সংখ্যা ৪৯টা । ৬৯৫ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ।

এই পৰ্যায়ত ভোটগ্ৰহণ হ’ব উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ আসনত । একেদৰে ঝাৰখণ্ডৰ ৩খন, জম্মু- কাশ্মীৰ আৰু লাডাখত এখনকৈ আসনত হ’ব নিৰ্বাচন ।

এই পৰ্যায়ৰ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ ১৩খন আসনৰ বাবে সৰ্বাধিক ৫১২খন মনোনয়ন দাখিল হৈছিল ।

You might also like
Leave A Reply

Your email address will not be published.