ইণ্টাৰনেচনেল ডেস্ক:
দক্ষিণ আমেৰিকাৰ ইকুৱেডৰত ধাৰাবাহিক বিষ্ফোৰণৰ ঘটনা। মঙলবাৰে পুৱতি নিশা ইকুৱেডৰত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত কমেও পাঁচজন আৰক্ষী বিষয়া নিহত । দুঘণ্টাৰ ভিতৰতে দেশখনৰ দুখন প্ৰদেশ গুৱায়াছ আৰু এছমেৰালডাছত সংঘটিত হয় প্ৰায় ৯ টা কৈ ভয়ংকৰ বিস্ফোৰণ। ইফালে, দেশখনৰ ৰাষ্ট্ৰপতি গুইলেৰ্মো লাছ’ই গুৱায়াছ আৰু এছমেৰালডাছ প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা। ড্ৰাগছ গেঙে তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত চৰকাৰী দমনৰ প্ৰতিশোধ লোৱাৰ বাবে এই ধাৰাবাহিক বিষ্ফোৰণ সংঘটিত কৰা বুলি দাবী কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।।